অসম

assam

ETV Bharat / videos

পুনৰ হোজাইত স্বাস্থ্যকৰ্মীক আক্ৰমণ ! - Health workers beaten up in Rampur

By

Published : Sep 12, 2021, 10:41 PM IST

হোজাইৰ ৰামপুৰত পুনৰ আক্ৰমণৰ বলি এগৰাকী আশা কৰ্মী ৷ এগৰাকী প্ৰাক্তন সৈনিকে আশা কৰ্মী গৰাকীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ হোজাই ৰামপুৰ গাঁৱৰ কিৰণ দেৱী নামৰ আশাকৰ্মী গৰাকীক নিজকে প্ৰাক্তন সৈনিক বুলি চিনাকী দিয়া বলেশ্বৰ সিং ওৰফে বলে সিং নামৰ ব্যক্তিগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কিছুদিন পূৰ্বে হোজাইৰ লংকা উদালীত চিকিৎসক প্ৰহাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এগৰাকী আশা কৰ্মীক প্ৰহাৰ কৰাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী আশা কৰ্মীগৰাকীয়ে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

ABOUT THE AUTHOR

...view details