বিশ্ব হৃদ দিৱস উপলক্ষে মহানগৰীত স্বাস্থ্য সজাগতামূলক ৰেলী - বিশ্ব হৃদ দিৱস ৰেলী
বিশ্ব হৃদ দিৱস(World Heart Day)ৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত ৰূপায়ন কৰা হৈছে স্বাস্থ্য সজাগতামূলক ৰেলী ৷ মহানগৰীৰ দুই স্বেচ্ছাসেৱী সংগঠন দ্যা হাৰ্ট(The Heart) আৰু গ্ৰীণ ক্লাছেছ গুৱাহাটী (Green Classes Guwahati)ৰ উদ্যোগত নাৰেংগী কাৰ্বন গেটৰ পৰা গীতা মন্দিৰলৈ এক স্বাস্থ্য সজাগতামূলক ৰেলী উলিওৱা হয় ৷ স্বাস্থ্য আৰু পৰিৱেশৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই পদযাত্ৰা উলিওৱা হয় । পদযাত্ৰাত ভাগ লয় প্ৰায় দুই শতাধিক লোকে । সকলোৱে হাতে হাতে প্লে-কাৰ্ড লৈ ইন্ধনজাত সামগ্ৰী ব্যৱহাৰ ৰোধ কৰি চাইকেল চলাই আৰু খোজকাঢ়ি কিদৰে নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰি তাক লৈ এক জনসচেতনতা অনাৰ প্ৰয়াস কৰে । প্ৰতিবছৰে স্বেচ্ছাসেৱী সংগঠন দুটাই এই দিনটোতেই গ্ৰহণ কৰি আহিছে এনেধৰণৰ স্বাস্থ্য সজাগতামূলক কাৰ্যসূচী ।