তিতাবৰত মনোনয়ন পত্ৰ দাখিল বিজেপি-কংগ্ৰেছ-অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ - তিতাবৰ মনোনয়ন পত্ৰ দাখিল বিজেপি-কংগ্ৰেছ-অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ
আগন্তুক নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে দাখিল কৰা হৈছে ৷ ১০০নং তিতাবৰ বিধান সভা সমষ্টিৰ পৰা তিতাবৰত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰ জোতি বৰুৱা, বিজেপি দলৰ প্ৰাৰ্থী হেমন্ত কলিতাই । মঙলবাৰে দুয়োগৰাকী প্ৰাৰ্থীয়ে কেইবা সহস্ৰাধিক নেতা কৰ্মী সহ তিতাবৰ মহকুমাধিপতি কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে । কেৱল বিজেপি-কংগ্ৰেছে নহয় অসম জাতীয় পৰিষদৰ হৈ শৈলেন্দ্ৰ কুমাৰ হাজৰিকায়ো মনোনয়ন পত্ৰ দাখিল কৰে ৷