অসম

assam

ETV Bharat / videos

দিল্লীৰ কৃষক বিদ্ৰোহৰ পৰাই আৰম্ভ হব নতুন ৰাজনীতিৰ ধাৰা: উদ্ধব বৰ্মন - কৃষক বিদ্ৰোহ

By

Published : Dec 3, 2020, 11:16 PM IST

দেশৰ ৰাজধানী নতুন দিল্লীত অব্যাহত আছে কৃষক বিদ্ৰোহ । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সংশোধিত আৰু প্ৰণিত তিনিখন আইনক কৃষক সমাজ তথা সামগ্ৰিকভাৱে জনবিৰোধী বুলি অভিহিত কৰি পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, আনকি গুজৰাটৰ পৰাও হেজাৰ হেজাৰ কৃষকে আহি নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে এই কৃষক বিদ্ৰোহে কাৰ্যতঃ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰক। কিন্তু এই জনবিৰোধী আইনৰ দ্বাৰা কিদৰে ক্ষতিগ্ৰস্ত হ'ব অসমৰ দৰে প্ৰান্তীয় ৰাজ্যৰ কৃষক? আন ৰাজ্যসমূহৰ দৰে অসমৰ কৃষকসকলো সংগঠিত ৰূপত ওলাই আহিবনে ৰাজপথলৈ? এন ডি এ চৰকাৰৰ আইন আৰু কৃষক বিদ্ৰোহৰ আঁৰত আছে এক ৰাজনৈতিক অৰ্থনীতি। এই সন্দৰ্ভত ইটিভিৰ সাংবাদিকৰে হোৱা এক সাক্ষাত্কাৰত কেতবোৰ গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে বৰ্ষীয়ান বাওঁপন্থী ৰাজনীতিক তথা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে।

ABOUT THE AUTHOR

...view details