অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক শুভেচ্ছা বাক্সা জিলা এবছুৰ - প্ৰাক্তন সাংসদ
শুকুৰবাৰে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা এইবাৰৰ পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী অসম বিধান সভাত অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা । শনিবাৰে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সংবাদ মাধ্যমৰ যোগেদি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে । লগতে বিশ্বজিৎ দৈমাৰীয়ে বড়ো জনগোষ্ঠীয় লোক হিচাপে পোন প্ৰথম বাৰৰ বাবে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ ৰূপে নিযুক্তি লাভ কৰাত তেওঁলোক সুখী আৰু গৌৰৱ অনুভৱ কৰা বুলিও মন্তব্য প্ৰকাশ কৰে।