অসম

assam

By

Published : Apr 13, 2021, 12:48 PM IST

ETV Bharat / videos

টীয়কত দৈৰ টেকেলি যোগানত ব্যস্ত দুগ্ধ ব্যৱসায়

উৰুকাৰ পুৱাই দৈৰ টেকেলি যোগানত ব্যস্ত হৈ পৰিছে টীয়কৰ দুগ্ধ ব্যৱসায় গোস্বামী মিল্ক প্ৰডাক্টে ৷ 2003 চনত অতি ক্ষুদ্ৰভাৱে টীয়কৰ ঐতিহাসিক নেপালী সত্ৰৰ উদীয়মান যুৱক দুৰ্লভ গোস্বামীয়ে নিজ বাসগৃহতে অশেষ কষ্টেৰে আৰম্ভ কৰিছিল এই ব্যৱসায় । সুদীৰ্ঘ 17 টা বছৰ গৰকি আজি বিহু বুলি প্ৰায় 5 হাজাৰটা দৈৰ টেকেলি উজনিৰ প্ৰায়বোৰ জিলালৈ প্ৰেৰণ কৰাৰ সমান্তৰালকৈ ক্ৰীম, ঘিউ, পনীৰ, পেৰাকে ধৰি কেইবাবিধো দুগ্ধজাত সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে ব্যৱসায়ী গৰাকীয়ে । এই ব্যৱসায়ৰ লগত 500 ৰো অধিক পৰিয়াল জড়িত হৈ স্বাৱলম্বীতাৰ পথ সুগম কৰিছে । ইপিনে স্থানীয় মৃৎ শিল্পৰ লগত জড়িত শতাধিক পৰিয়ালেও দৈৰ টেকেলি যোগান ধৰি আৰ্থিক উপাৰ্জন কৰিছে ।

ABOUT THE AUTHOR

...view details