অসম

assam

ETV Bharat / videos

লক ডাউনে অন্য এক গতি দিলে প্ৰণৱ বৰাক

By

Published : Sep 10, 2021, 3:40 PM IST

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে দেশত জাৰি হোৱা লক ডাউনৰ এক ইতিবাচক প্ৰভাৱ ৷ লকডাউনৰ সময়খিনি ব্যতিক্ৰমী কামত ব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ পথ বাচি ল’লে গোলাঘাট থুৰামুখ কাঠকটীয়া গাঁৱৰ যুৱক প্ৰণৱ বৰাই ৷ যুৱকজনৰ পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে ৷ প্ৰকৃততে প্ৰণৱ বৰা নামৰ এই যুৱজকনে বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি জীৱন্ত ৰূপ দিয়াত ব্ৰতী হৈছে ৷ বিগত কেইটামান মাহৰ ভিতৰতে বাঁহ শিল্পৰ সৈতে জড়িত হৈ যুৱকজনে নিৰ্মাণ কৰিছে বহু আপুৰুগীয়া সম্পদৰ আৰ্হি ৷ তেওঁ বাঁহ কাটি সুন্দৰকৈ ৰং তেল সানি তৈয়াৰ কৰিছে অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা গৰু গাড়ীখন ৷ লগতে তৈয়াৰ কৰিছে তাঁত শালত প্ৰয়োজন হোৱা যঁতৰ, চেৰেকী, ঢেঁকী শাল, জাহাজ আদিৰ লগতে আকৰ্ষণীয় ড্ৰয়িং ৰুমত সজোৱা ফুল দানি ৷ প্ৰথমে ইউটিউবত চাই এই সঁজুলি সমূহ নিৰ্মাণৰ পদ্ধতি শিকিছিল যুৱকজনে ৷ এখন দোকান দি পৰিয়াল চলোৱা প্ৰণৱে লকডাউনত দীৰ্ঘদিন দোকান বন্ধ হৈ পৰাৰ ফলত বাঁহৰ সামগ্ৰী তৈয়াৰ কৰা এই বিদ্যা গ্ৰহণ কৰে ৷ বৰ্তমান সময়ত তেওঁৰ ঘৰৰ পৰাই গ্ৰাহকে সামগ্ৰী সমূহ ক্ৰয় কৰি নিয়ে ৷ তেওঁৰ এই বিদ্যাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনক আহ্বান জনাইছে প্ৰণৱ বৰাই ৷

ABOUT THE AUTHOR

...view details