হঠাৎ কিয় কঠোৰ গোলাঘাট যান-বাহন আৰক্ষী ? - bike licence
গোলাঘাটৰ যান-বাহন আৰক্ষীৰ বিশেষ অভিযান । পৰিবহণ বিভাগৰ নিৰ্দেশাৱলী পালন নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে জিলাখনৰ যান-বাহন আৰক্ষী । মঙলবাৰে গোলাঘাট প্ৰশাসনে মাস্ক নিপিন্ধা লোকসকলক জৰিমনা বিহাৰ লগতে যান-বাহন আৰক্ষীয়ে বাইক চলাওঁতে হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰে । অনুজ্ঞাপত্ৰ আৰু হেলমেট পৰিধান নকৰি বাইক চলোৱাসকলক জৰিমনা বিহে গোলাঘাটৰ যান-বাহন আৰক্ষীয়ে ।