অসম

assam

By

Published : May 14, 2020, 3:19 PM IST

Updated : May 14, 2020, 5:29 PM IST

ETV Bharat / videos

লক্ ডাউনত উশাহ লৈছে প্ৰকৃতিয়ে

লক্ ডাউনৰ মাজতে প্ৰকৃতিৰ নান্দনিক পৰিৱেশ । লক্ ডাউনৰ ফলত সৃষ্টি হোৱা শান্ত পৰিৱেশত বন্য জীৱ জন্তু, পশু পক্ষীৰ মুক্ত বিচৰণ। এই দৃশ্য গোলাঘাটৰ দেওপাহাৰৰ কাষৰ ন পথাৰ অঞ্চলৰ। পূৰ্বতে নেদেখা এক মনোৰম দৃশ্য ৷ লক্ ডাউনৰ ফলত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা নিৰিবিলি পৰিৱেশৰ মাজত বহু জীৱ জন্তু, পশু-পক্ষীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে জনাঞ্চলত। COVID-19 বিভীষিকাৰ মাজত যেন প্ৰকৃতিৰ ৰাণীয়ে প্ৰাণ পাই উঠিছে । মুক্ত ভাৱে প্ৰকৃতিৰ কোলাত ভ্ৰমি ফুৰিছে বহুদিন ধৰি হাবিত লুকাই থকা ভিন্ন জীৱ-জন্তু, চৰাই -চিৰিকটিয়ে । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পথাৰত দৈনিক দেখা গৈছে হাড়গিলা , শামুকভঙা চৰাইৰ মুক্ত বিচৰণ ৷ হাতীৰ কেইবাটাও জাক , লাজুকী বান্দৰ , নাহৰফুটুকী , ঘোং , সৰীসৃপ প্ৰাণীৰ মুক্ত বিচৰণে সকলোকে পুলকিত কৰিছে । সঁচাকৈ যেন প্ৰকৃতিয়েও প্ৰতিবছৰেই বিচাৰে এনেধৰণৰ লক্ ডাউন ৷
Last Updated : May 14, 2020, 5:29 PM IST

ABOUT THE AUTHOR

...view details