আজি মহাষষ্ঠী : উথপথপ পূজা মণ্ডপসমূহ
আজি মহাষষ্ঠী । ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা হ'ব দেৱী দূৰ্গাৰ প্ৰতিমা ৷ দুৰ্গা পূজা বুলিলেই সুকীয়া স্থান আছে যোৰহাট জিলাৰ ৷ টীয়কৰ মেলেং লহকৰ গাঁৱত বিগত বিশ বছৰে উদযাপন কৰি অহা এখনি দুর্গা পূজাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । গাঁৱখনৰ এজন উদীয়মান যুৱক কৃষ্ণ প্ৰসাদ দত্তই নিজৰ ঘৰৰ চোতালতে উদযাপন কৰি আহিছে এই পূজা । প্ৰায় তিনি বছৰ বয়সৰ পৰাই কৃষ্ণ প্ৰসাদ দত্ত নামৰ যুৱকজনে দেৱী দুৰ্গাৰ প্ৰতিমা সাজি ঘৰৰ চোতালত উদযাপন কৰি আহিছে দুৰ্গা পূজা ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহয় । নিজ হাতেৰে, কোনো চাক আদি ব্যৱহাৰ নকৰাকৈ নিজস্ব প্ৰতিভাৰে নিৰ্মাণ কৰা দুৰ্গা দেৱীক সোমবাৰে বিয়লি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব ৷ জাক-জমকতাৰ পৰা আঁতৰি কেৱল আধ্যাত্মিকতাৰে পূজা আগবঢ়োৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যুৱকজনে । এইক্ষেত্ৰত গাঁৱবাসীয়ে তেওঁক পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷