গোৱালপাৰাৰ নিচানগ্ৰামত বৰদিনৰ প্ৰস্তুতি - Nisangram Christmas preparation
ইংৰাজী নৱবৰ্ষ কাষ চপাৰ লগতে খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ উৎসৱ বৰদিনো কাষ চাপিছে । কৰ’ণা মহামাৰীৰ বাবে বিভিন্ন উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা কিছু ম্লান পৰা পৰিলক্ষিত হ’লেও গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী গাৰো জনবসতিপূৰ্ণ নিচানগ্ৰাম গাৱঁৰ ৰাইজে খ্ৰীষ্টমাছৰ বাবে চলাইছে পূৰ্ণ প্ৰস্তুতি ৷ গাঁওখনৰ ডেকা গাভৰু সকলে গান গাই নাচি বাগি পবিত্ৰ খ্ৰীষ্টমাছ বা বৰদিনক আদৰিবলৈ পূৰ্ণৰূপে প্ৰস্তুত হৈছে ।