অসম

assam

ETV Bharat / videos

গোৱালপাৰৰ মৈজোঙা চাহ বাগিচাৰ ৩৯ গৰাকীকৈ কৰ্মচাৰী আক্ৰান্ত ক’ভিডত - covid

By

Published : May 21, 2021, 10:56 AM IST

সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । জিলাখনৰ মৈজোঙা চাহ বাগিচাৰ কৰ্মচাৰী মাজত বৃদ্ধি পাইছে ক’ভিডৰ গণ সংক্ৰমণ । বাগিচা খনৰ ৩৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ উপস্থিতি ৷ ইয়াৰে ৩৭ গৰাকী লোকক জৱাহৰলাল প্ৰাথমিক বিদ্যালয়ৰ ক’ভিড কেন্দ্ৰত চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷ আনহাতে, জিলা প্ৰশাসনে আৰু দুগৰাকী ক’ভিড আক্ৰান্ত ৰোগীক হোম আইচলেশ্যনত ৰখা হৈছে । জিলাখনত ইতিমধ্যে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ২৬৬৫ জন । ইয়াৰে ৯৯৯ জন বৰ্তমানে চিকিৎসাধীন হৈ আছে আৰু ইতিমধ্যে ১৬৫৭ জন ক’ভিড ১৯ ৰ পৰা আৰোগ্য লাভ কৰিছে ।

ABOUT THE AUTHOR

...view details