অসম

assam

ETV Bharat / videos

মুকালমুৱাত আৰক্ষীৰ নামত দালালি কৰি গ্ৰেপ্তাৰ দালাল - Broker arrested by Mukalmuwa police

By

Published : Oct 4, 2021, 6:40 PM IST

নলবাৰীৰ মুকালমুৱাত আৰক্ষীৰ নামত দালালি কৰি গ্ৰেপ্তাৰ হৈছে আব্দুল আলী নামৰ এটা দালাল ৷ মাটিৰ দালালৰ অভিযোগত অভিযুক্ত হৈ সম্প্ৰতি কাৰাগৰত থকা মাধৱ নাথৰ শাস্তি লঘু কৰাৰ বাবদ এইজন আব্দুল আলী নামৰ দালালে অভিযুক্তৰ পত্নীৰ পৰা বিচাৰিছিল বিশ হাজাৰ টকা ৷ সেই মৰ্মে ধৃত আব্দুলক অভিযুক্ত মাধৱ নাথৰ পত্নী দিপালী নাথে আদায় দিছিল দহ হাজাৰ টকা ৷ কিন্তু ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষীয়ে তথ্য লাভ কৰি দিপালী নাথক জেৰা কৰাৰ অন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ পৰৱৰ্তী সময়ত দিপালী নাথৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ নম্বৰ 632/21 ৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল আলীক ৷ ইতিমধ্যে আব্দুল আলীক আৰক্ষীয়ে আদালতত হাজিৰ কৰাইছে ৷ ইফালে ধৃত আব্দুলে পইচা লোৱাৰ কথা অস্বীকাৰ কৰি ৰুবুল আলী নামৰ এজন ঠিকাদাৰেহে পইচা লোৱা বুলি প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details