ধীৰেণপাৰাৰ ডকাইতি কাণ্ড : আৰক্ষীলৈ সন্দেহৰ আঙুলি কিয় ? - Four arrested by Fatashil police for investigating Dhirenpara robbery case
ধীৰেণপাৰাত সংঘটিত হোৱা ডকাইতিৰ ঘটনাৰ সন্দৰ্ভত সোধ-পোচৰ বাবে ৩ গৰাকী আৰক্ষী সহ মুঠ চাৰিজন লোকক আটক কৰিছে ফটাশিল আৰক্ষীয়ে ৷ জানিব পৰা মতে, আটক হোৱা আৰক্ষীৰ লোক কেইজন ক্ৰমে গণেশ দাস, ৰূপক ডেকা, বিপ্লৱ দৈমাৰী আৰু আনজন হৈছে ওমৰ আলী । বহু ডকাইতি ঘটনাৰ লগত জড়িত থকা ওমৰ আলীৰ ভোটাৰ কাৰ্ড পৰি যায় গৌতম পালৰ ঘৰত । আনহাতে আটক কৰা ৪ জন লোকৰ ভিতৰত দুজনক গৌতম পালৰ পৰিয়ালৰ লোকে চিনাক্ত কৰা বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত ফটাশিল থানাত ৭০৩ /২১ নম্বৰত এটি গোচৰ ৰুজু হৈছে । ইপিনে উদ্ধাৰ হোৱা গুলীৰ খালী কাৰ্টিজটো পুলিচৰ গুলী বুলি সন্দেহ কৰা হৈছে ।