ৰহাত বানৰ তাণ্ড, পৰিস্থিতি বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিয়ে
ৰহা সমষ্টিৰ বিস্তৃত অঞ্চলত বানৰ তাণ্ডৱ । লক্ষাধিকলোক ক্ষতিগ্ৰস্ত । বান ক্ষতিগ্ৰস্তৰ পৰিস্থিতি বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিয়ে । ৰাজ্যৰ চৌদিশে প্ৰলয়ংকাৰী বানৰ তাণ্ডব জনসাধাৰণক ত্ৰাহি মধূসূধন দেখুৱাই থকাৰ মাজতে পুনৰ মধ্য অসমৰ ৰহাত বানপানীৰ তাণ্ডৱে হাহাকাৰ সৃষ্টি কৰিছে । খবৰ অনুসৰি, দুদিন পূৰ্বে কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ পাচতে কপিলী নদীৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাই উপনৈ বোৰত সোমাই পৰে ।