অসম

assam

By

Published : Jan 13, 2021, 8:02 PM IST

ETV Bharat / videos

নলবাৰীৰ বজাৰত 35 কেজি ওজনৰ ভকুৱা মাছ

আজি উৰুকা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভোগৰ ভোগালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত নলবাৰীবাসী ৷ বছৰেকৰ বিহুটিত এসাঁজ লগে ভাগে খোৱাৰ বাবে সকলোৱে চলাইছে প্ৰস্তুতি ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৷ সকলো মাছৰ বজাৰত আজি উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ মাছ ৷ নলবাৰীৰ দৈনিক বজাৰত 35 কেজি ওজনৰ এটা বৃহৎ আকাৰৰ ভকুৱা মাছ নলবাৰীবাসীৰ বাবে আজি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ লগে ভাগে এসাঁজ খোৱাৰ বাবে বজাৰৰ ডাঙৰটো মাছ কিনাৰ যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে নলবাৰীৰ বজাৰত ৷

ABOUT THE AUTHOR

...view details