ৰৌ ভকুৱা চিতলেৰে ভৰি পৰিছে উজানবজাৰৰ মাছৰ বজাৰ - অসমীয়াৰ বাপতিসাহোন বিহু
কাইলৈ ভোগালীৰ উৰুকা ৷ ইতিমধ্যে পথাৰৰ সোণগুটি আনি ভঁৰালত ভৰালে কৃষকে ৷ এতিয়া হেঁপাহেৰে ভোগালী উদযাপনৰ সময় ৷ উৰুকাৰ প্ৰাক্ মূহুৰ্তত অসমীয়াৰ বাপতি সাহোন বিহুটিক আদৰাৰ বাবে অসমৰ প্ৰতিখন জিলাতে চলিছে ব্যাপক প্ৰস্তুতি ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভোগালীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷ ভেলাঘৰৰ বাকৰিত সকলোৱে মিলি এসাঁজ খোৱাৰ বাবে চলিছে প্ৰস্তুতি ৷ পুৱাৰে পৰা ৰাজ্যৰ মাছৰ বজাৰসমূহত মানুহৰ লানি নিছিগা সোঁত ৷ বিভিন্ন প্ৰান্তৰ লগতে উৰুকাৰ নিশা এসাজ খাবলৈ মহানগৰীতো মাছৰ বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ বিখ্যাত উজান বজাৰৰ মাছৰ বজাৰত ৰৌ, বৰালি, চিতল, ভকুৱাৰে ভৰি পৰাৰ লগতে বিভিন্ন সৰু বৰ মাছেৰে উপচি পৰিছে মাছ বজাৰখন ৷ আকাশলংঘী দামে মন সেমেকাই তুলিলেও পৰম্পৰা আৰু মনৰ হেঁপাহক সজীৱ কৰি ভোগালীক আদৰাৰ ব্যাপক আয়োজন চলাইছে মহানগৰবাসীয়ে।