অসম

assam

ETV Bharat / videos

Facebook ত মুখ্যমন্ত্ৰীক অশ্লীল মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছে ইমৰাণ

By

Published : Sep 29, 2021, 1:03 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত অশ্লীল ভাষাৰে গালি দি ৰাইজৰ ৰোষত পৰিছে ইমৰাণ আলি নামৰ এজন যুৱক ৷ যুৱকজনে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক অশ্লীল ভাষা প্ৰয়োগ কৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল । যাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈৰ লগতে সচেতন মহলো ৷ আনকি মঙলবাৰে ইমাৰণ আলিৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈয়ে ৰুজু কৰে এক গোচৰ ৷

ABOUT THE AUTHOR

...view details