অৱশেষত সন্তানসহ দুলুমণি সোমালহি বোকাখাত থানাত
অৱশেষত সন্তানসহ দুলুমণি সোমালহি বোকাখাত থানাত (BOKAKHAT POLICE STATION) । বিগত ৮ জুলাইত দুলুমণি (DULUMONI) য়ে হত্যা কৰিছিল এটা ১৪ বছৰীয়া কিশোৰ । পিছে আপুনি জানিব বিচাৰিব কোন এই দুলুমণি ৷ তেতিয়াহ’লে চাব লাগিব আমাৰ এই প্ৰতিবেদন ৷ দুলুমণি হৈছে এজনী মাইকী হাতী (ELEPHANT) । বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ (EX- MLA JITEN GOGOI) পোহনীয়া হাতীজনীৰ নাম দুলুমণি । ২২ টা বছৰ বিধায়কৰ ঘৰত বাস কৰা দুলুমণিৰ আজিৰ পৰা নতুন ঠিকনা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KAZIRANGA NATIONAL PARK) । ৮ জুলাইত জিতেন গগৈৰ বাগিচাৰ সমীপৰ নাহৰজান চাহ বাগিচাৰ (NAHARJAN TEA STATE) বিতু গড় নামৰ ১৪ বছৰীয়া কিশোৰক হত্যা কৰিছিল । উক্ত ঘটনাৰ পাছতে বাগিচাখনত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতি । এই সংক্ৰান্তত বোকাখাত থানাত এক গোচৰ তৰিছিল মৃত বিতু গড়ৰ পৰিয়ালে । বুধবাৰে বোকাখাত মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে বোকাখাত আৰক্ষীয়ে দুলুমণিক জব্দ কৰি পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল কৰ্তৃপক্ষক চমজাই দিয়ে । ইয়াৰ আগতেও দুলুমণিৰ আক্ৰমণত আন দুজন লোকৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে ।