অসম

assam

ETV Bharat / videos

ছদিন ধৰি সন্ধানহীন হৈ থকা অসম পুলিচৰ জোৱানক বিচাৰিবলৈ আহ্বান পিতৃৰ - চাৰ্ভিচ ৰাইফল

By

Published : Jun 10, 2021, 6:00 PM IST

কাৰ্বি-লংপি জল বিদ্যুৎ প্ৰকল্প(Karbi Langpi Hydro Electric Project)ত নিয়োজিত ১৬ নং অসম পুলিচ বেটেলিয়ান(Assam Police Battalion) 6 দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঋতু বৰা নামৰ জোৱান জন কৰ্তব্য সম্পাদন কৰি থকাৰ পৰা নিৰুদ্দেশ হোৱাৰ পাচত এতিয়ালৈ সন্ধান নোলোৱাত টীয়ক মেলেং লহকৰ গাঁৱৰ জোৱান জনৰ পৰিয়ালৰ মাজত উৎকন্ঠাৰ বৃদ্ধি পাইছে ৷ জানিব পৰা মতে, ৪ জুনৰ পুৱতি নিশা পৰ্যন্ত কৰ্তব্যত উপস্থিত থকাৰ পাছৰে পৰা জোৱান জন নিৰুদ্দেশ হৈ আছে যদিও তেওঁৰ মানিবেগ, ম’বাইল ফোন আদি তেওঁৰ বিচনাৰ তলত উদ্ধাৰ হোৱাৰ উপৰিও তেওঁৰ চাৰ্ভিচ ৰাইফল(Service Rifle)টো প্ৰকল্পটোৰ পৰা নাতি দূৰত উদ্ধাৰ হৈছিল ৷ লক্ষ্যনীয় কথা এই যে এতিয়ালৈ আনুষ্ঠানিকভাৱে ঋতু বৰাৰ নিৰুদ্দেশ সম্পৰ্কত বেটেলিয়ান নাইবা কোম্পানীটোৰ পৰা পৰিয়ালৰ লোকক অৱগত নকৰাত সমগ্ৰ বিষয়টোয়ে ৰহস্যকৰ সৃষ্টি কৰিছে ৷ ইপিনে নিজৰ পুত্ৰৰ সন্ধানত ঋতু বৰাৰ পিতৃ বৈঠালাংছুলৈ ঢাপলি মেলিছিল যদিও জিলাখনৰ শীৰ্ষ আৰক্ষীৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাত পিতৃ ফনী বৰাই মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক এই ক্ষেত্ৰত হস্তক্ষেপৰ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details