অসম

assam

ETV Bharat / videos

অনাবৃষ্টি : বঢ়মপুৰৰ কৃষকৰ মনত নাই কাতি বিহুৰ উছাহ

By

Published : Oct 18, 2021, 12:10 PM IST

আজি কাতি বিহু ৷ সোণোৱালী ধানে পথাৰ উপচি পৰাৰ আশাৰে চহা ৰাইজে কাতি বিহুৰ সন্ধিয়া খেতিপথাৰত চাকি এগছি আগবঢ়োৱাৰ পৰম্পৰা অতীজৰে পৰা প্ৰচলিত ৷ কিন্তু এইবেলি যেন খৰাং বতৰে সৰগ খহাইছে কামপুৰৰ কৃষকৰ মূৰত ৷ যোৱা কেইটামান দিনত ৰাজ্যত অত্যাধিক বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ ইয়াৰ সমান্তৰালকৈ অনাবৃষ্টিয়ে কৃষকসকলক অনিশ্চয়তাৰ দিশে ঠেলি দিছে ৷ অইন বছৰৰ তুলনাত এইবেলি ৰাজ্যত বৰষুণৰ পৰিমাণ তেনেই কম হোৱা পৰিলক্ষিত হৈছে ৷ বৰষুণৰ অভাৱৰ বাবে খেতিপথাৰত কৃত্ৰিমভাৱে পানী যোগান ধৰিবলৈ কামপুৰৰ চাংচকী পথাৰত নাই জলসিঞ্চনৰ ব্যৱস্থা ৷ যাকে লৈ এতিয়া চাংচকীৰ কৃষক ৰাইজৰ মাজত ম্লান পৰিছে কাতি বিহুৰ উচাহ ৷

ABOUT THE AUTHOR

...view details