অসম

assam

ETV Bharat / videos

তিয়ঁহৰ খেতি কৰি এতিয়া বিপদত পৰিছে জনীয়াৰ খেতিয়কে ! - undefined

By

Published : Nov 22, 2021, 8:46 PM IST

উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ মূৰে-কপালে হাত দিছে বৰপেটা জিলাৰ জনীয়াৰ খেতিয়কে ৷ কৃষি পথাৰত বিনিয়োগ কৰা ধনতকৈ বহু কম পৰিমানৰ বজাৰমূল্য লাভ কৰাত এতিয়া বিপদৰ সন্মুখীন হৈছে কৃষকসকল ৷ কৃষিভূমিত প্ৰয়োগ কৰিবৰ বাবে দুগুণ দামত ৰাসায়নিক সাৰ(Chemical Fertilizer) ক্ৰয় কৰিবলগীয়া হোৱাত অধিক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ কৃষিজীৱি লোকসকল । সাৰৰ দাম ৰোধ কৰাৰ বাবে এতিয়া ভুক্তভোগী কৃষকসকলে দাবী উত্থাপন কৰিছে ৷ সাৰৰ নাটনি আৰু আকালঙ্ঘী দামবৃদ্ধিৰ বাবে পথাৰতে মৰহি যাব ধৰিছে তিয়ঁহৰ খেতি ৷ জিলাখনৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া, জনীয়া, সালেকুৰা, ৰূপাকুছি আৰু গাগলমাৰীৰ দৰিদ্ৰ কৃষকসকল বিপদৰ সন্মুখীন হৈছে । বৰপেটা জিলাৰ কৃষি বিভাগৰ আমোলা বিষয়াৰ লগতে ৰাজ্যৰ কৃষি বিভাগেও এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details