অসম

assam

ETV Bharat / videos

Encounter at Biswanath : বিশ্বনাথত পুৱতি নিশা সংঘটিত গুলীচালনাত আহত নকল নোট ব্যৱসায়ী - বিশ্বনাথত নকল নোট বনোৱা মেছিন উদ্ধাৰ

By

Published : Dec 11, 2021, 2:07 PM IST

শনিবাৰে পুৱতি নিশা বিশ্বনাথ চাৰিআলিত সংঘটিত হয় গুলীচালনা (early morning encounter at biswanath) ৷ নকল নোটৰ ব্যৱসায়ী জাহিৰ আলী (fake currency dealer Zahir Ali) ওৰফে ভুত্তু গুৰুতৰভাৱে আহত হয় আৰক্ষীৰ গুলীত ৷ দীৰ্ঘদিন ধৰি নকল নোটৰ ব্যৱসায় কৰি আৰক্ষীৰ চকুৰ টোপনি কাঢ়ি নিছিল এই ভুত্তুৱে ৷ 5 ডিচেম্বৰত আৰক্ষীৰ জালত পৰিছিল ভুত্তু ৷ ভুত্তুৰ ভাষ্যৰ ভিত্তিতেই শুকুৰবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা নকল নোট বনোৱা সা-সৰঞ্জাম, নকল নোটসহ কেইবাজনো লোকক কৰায়ত্ত কৰে ৷ পবিত্ৰ খাউণ্ড নামৰ এজন লোকৰ ঘৰৰ পৰা এই যন্ত্ৰসমূহ জব্দ কৰে আৰক্ষীয়ে ৷ জাহিৰ আলী ওৰফে ভুত্তুৱে নকল নোট তৈয়াৰী স্থান দেখুৱাবলৈ নিয়াৰ সময়তে এই গুলীচালনা সংঘটিত হয় ৷

ABOUT THE AUTHOR

...view details