অসম

assam

ETV Bharat / videos

পৰেশ বৰুৱাৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...

By

Published : May 29, 2021, 5:28 PM IST

এই পৰ্যন্ত শান্তি আলোচনা সন্দৰ্ভত পৰেশ বৰুৱালৈ চৰকাৰৰ ফালৰ পৰা পঠোৱা হোৱা নাই কোনোধৰণৰ আনুষ্ঠানিক প্ৰস্তাৱ । অৱশ্যে আলোচনাৰ এক বাতাবৰণ সৃষ্টিৰ বাবে শেহতীয়াকৈ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপ আদৰণীয় আৰু সেই বাবেই আলফা (স্বাধীন)এ এইক্ষেত্ৰত ইতিবাচক সঁহাৰি জনাইছে । আলোচনাৰ নামত যাতে আলোচনা নহয়, আলোচনা হ’ব লাগিব অৰ্থবহ । এতিয়াই আলোচনাৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত অধিক মন্তব্য কৰাটো উচিত নহব বুলি বিবেচনা কৰে পৰেশ বৰুৱাই । ইটিভি ভাৰতৰে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত কুইপ্প' সন্দৰ্ভত কি ক’লে আলফা (স্বাধীন) ৰ সৰ্বাধিনায়ক জনে ? অসমৰ মাটিৰ পৰা তিনি বিলিয়ন মেট্ৰিক টন খাৰুৱা তেল উলিয়াই নিয়া তৈল কোম্পানীসমূহে অসমৰ উন্নয়নৰ বাবে কি কাম কৰিছে ? ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ আৰত থকা সাতটা চৰ্ত কি আছিল ? এই সাতটা চৰ্ত সন্দৰ্ভত কি কৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ? আলোচনাক কেন্দ্ৰ কৰি অসমৰ একাংশ সংবাদ মাধ্যমে গ্ৰহণ কৰা ভূমিকাক লৈ কিয় ক্ষুব্ধ হৈছে পৰেশ বৰুৱা ? প্ৰফুল্ল কুমাৰ মহন্ত সন্দৰ্ভত কি ক’লে পৰেশ বৰুৱাই ? কাৰ বাবে আলফাৰ বহু চেষ্টাৰ পিছতো অসমত হৈ নুঠিল কেঞ্চাৰ হাস্পতাল ? টাটা টিৰ শীৰ্ষ বিষয়াৰে বেংককত কি কথা হৈছিল পৰেশ বৰুৱাৰ ? এনে বহু অজানা প্ৰশ্নৰ উত্তৰ দিছে আলফা (স্বাধীন) ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই । চাওক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা পৰেশ বৰুৱাৰ এই বিশেষ সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

...view details