অসম

assam

By

Published : May 5, 2020, 1:46 PM IST

ETV Bharat / videos

বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে তৃতীয় পৰ্যায়ৰ লক্ ডাউনত গুৱাহাটী মহানগৰ

সোমবাৰৰ পৰা অসমত কিছু পৰিমাণে শিথিল হৈছে লক্ ডাউন ৷ ব্যৱসায়-প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা ৷ সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ব্যৱসায়ীৰ সৈতে হোৱা এক বৈঠকত সপ্তাহত দুদিনহে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিছে । আনহাতে বন্ধ থাকিব চেলুন,পাৰ্লাৰ,স্পা,সাপ্তাহিক বজাৰ আৰু মাৰ্কেট কমপ্লেক্সত থকা সকলো কাৰ্যালয় । লগতে সকলোৱে মানি চলিব লাগিব প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা ৷ এই ক্ষেত্ৰত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে উল্লেখ কৰিলে কেতবোৰ নীতি নিৰ্দেশনা ৷

ABOUT THE AUTHOR

...view details