বৰপেটাৰোডত অবৈধ সুৰা বিচাৰি আবকাৰী বিভাগ আৰু প্ৰশাসনৰ যৌথ অভিযান
বৰপেটাৰোডৰ নিউ আছাম বণ্ডেড ৱেৰ হাউছত শুকুৰবাৰে প্ৰশাসনে তালাচী অভিযান চলায় ৷ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত(ADC Barpeta)ৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা প্ৰশাসন আৰু আবকাৰী বিভাগে(excise department) যৌথভাৱে এই অভিযান চলায় । কিছুদিন পূৰ্বে আৰক্ষীৰ গুলীত গুলিবিদ্ধ হোৱা কুখ্যাত গো-মাফিয়া(cattle mafia) মোজাম্মিল হকৰ ভাতৃ ৰফিকুল হকৰ নামত থকা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কলহভাঙ্গাত থকা নিউ আছাম বণ্ডেট ৱেৰ হাউছত জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ দল এটিয়ে হঠাত উপস্থিত হৈ এই তালাচী অভিযান(search operation) চলায় ৷ তালাচী অভিযানত বণ্ডেড ৱেৰ হাউছত যিমানখিনি সুৰা মজুত আছে সেই সুৰা খিনি ম্যাদ উকলা নেকি পৰীক্ষা কৰিবলৈ মজুত থকা সুৰাৰ নমুনাসমূহ সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটিয়ে ৷