ই টি ভি ভাৰতৰ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতামূলক গীত
কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাইজক সজাগ, সচেতন কৰিবৰ বাবে ই টি ভি ভাৰতৰ বিশেষ পদক্ষেপ ৷ ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ উদ্যোগত 22 খন ৰাজ্যৰ তেৰটা ভাষাত পৃথকে পৃথকে বাণীবদ্ধ হৈছে কৰ'ণা ভাইৰাছৰ সজাগতামূলক গীত । অসমৰ এই সজাগতামূলক গীতটিৰ দায়িত্ব গ্ৰহণ কৰিছে পুলক বেনাৰ্জীয়ে । ডঃ পৰিণীতা গোস্বামীয়ে ৰচনা কৰা এই গীতটিত কণ্ঠদান কৰিছে পুলক বেনাৰ্জীয়ে । অডিটেক ষ্টুডিঅ'ত বৰ্তমান বাণীবদ্ধ হৈ আছে অসমৰ ৰাইজৰ মাজত সজাগতা আৰু মনোবল বৃদ্ধি কৰিবলৈ ৰচনা কৰা এই বিশেষ গীতটি । ভূপেন উজীৰ আৰু পুলক বেনাৰ্জীৰ প্ৰচেষ্টাত নিৰ্মাণ হৈ থকা এই গীতটি অসমৰ ৰাইজৰ বাবে অতি শীঘ্ৰেই উপলব্ধ হ'ব ই টি ভি ভাৰত এপ'ত ।
Last Updated : Apr 2, 2020, 8:16 PM IST