অসম

assam

ETV Bharat / videos

ছয়গাঁৱৰ গৰৈমাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6 টাকৈ বাসগৃহ

By

Published : Jul 15, 2019, 11:37 PM IST

ছয়গাঁৱৰ পটৰীখাটত আৰম্ভ হৈছে কলহী নৈৰ গৰখহনীয়া ৷ খহনীয়াত জাহ গ’ল ৫০ লাখ টকীয়া গৰাখহনীয়া প্ৰতিৰোধ আঁচনি ৷ ব’ল্ডাৰ পিটচিঙেৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা প্ৰায় এশ মিটাৰ এলেকাৰ প্ৰায় ১০/১৫ মিটাৰ অংশ গৰাখহনীয়াৰ কৱলত নৈৰ বুকুত জাহ যায় ৷ লগতে প্ৰায় 20 মিটাৰমান এলেকাতো বৃহৎ ফাট মেলিছে আৰু যিকোনো মূহৰ্ততে অঞ্চলটো নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰমত ৷ ছয়গাঁৱৰ ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে উটুৱাই নিলে ছটাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে পশুধন ৷ মূহুৰ্ততে গৃহহীন হৈ পৰা পৰিয়াল কেইটা আশ্ৰয় লৈছে মথাউৰিত ৷ পৰিয়াল কেইটাৰ ওচৰত বৰ্তমান পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে খবৰ নলোৱাত ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ বিপৰীতে হাইলাকান্দি জলসম্পদ বিভাগত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। বিগত বৰ্ষৰ বিধ্বংসী বানৰ পাচত জলসম্পদ বিভাগৰ পৰা হাইলাকান্দিত গ্ৰহণ কৰা হৈছিল প্ৰায় 30 কোটি টকাৰ আঁচনি। কিন্তু সকলো অসাৰ কৰি পুনৰ বাঢ়নী পানিয়ে ছিগিলে মোহনপুৰ,নিমাইচানপুৰৰ তছলা মথাউৰি, ৰতনপুৰ আদি মথাউৰি ৷ মথাউৰি অতি নিম্নমানৰ কাম হোৱাৰ বাবেই সমগ্ৰ হাইলাকান্দি প্লাৱিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

ABOUT THE AUTHOR

...view details