অসম

assam

ETV Bharat / videos

প্ৰতিদ্বন্দীক দুৰ্বল আখ্যা দি তীৰ্যক মন্তব্য ইমানুৱেল মুছাহাৰীৰ

By

Published : Oct 7, 2021, 10:47 PM IST

বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ প্ৰথম দিনটোত বাক্সা জিলা উপায়ুক্ত কাৰ্য্যালয়ত উপস্থিত হয় কেবা গৰাকীও ৰথি-মহাৰথী । প্ৰথম অৱস্থাত ৰাতিপুৱা ন বজাতেই উপস্থিত হয় তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী। শাসনাধিস্থ দল বিজেপিৰ পৰা টিকট বিচাৰিও টিকট লাভ কৰিবলৈ সক্ষম নোহোৱাত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্র দাখিল কৰে মুছাহাৰীয়ে। বিজেপি দলৰ পৰা টিকট নাপাই কোনো ক্ষোভ নাই বুলি কোৱাৰ লগতে বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৱে ওলোতা খৰ মৰাৰ কাৰণে টিকটৰ পৰা বঞ্চিত হোৱা বুলিও কয় তেওঁ ৷ সংবাদ মাধ্যমৰ আগত এইবাৰৰ উপ-নিৰ্বাচনত সমষ্টিটোৰ পৰা ৬০ হাজাৰ ভোট লাভেৰে বিপুল ভোটত জয়লাভ কৰি সমষ্টিটোত উন্নয়নৰ জয়গান গাব বুলি প্ৰতিজ্ঞাবদ্ধ বুলিও মন্তব্য কৰে তেওঁ । ইয়াৰোপৰি এগৰাকী শিক্ষকক তেওঁৰ প্ৰতিদ্বন্দী হিচাপে পায় প্ৰমোদ বৰোক ধন্যবাদ জনাই মুছাহাৰীয়ে কয় যে, তেওঁৰ প্ৰতিদ্বন্দী দূৰ্বল কিয়নো তেওঁ এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক ৷

ABOUT THE AUTHOR

...view details