Elephant menace triggers panic : বন্যহস্তীৰ মুক্ত বিচৰণক লৈ চিন্তিত বৰপেটাবাসী - বৰপেটা চহৰত বনৰীয়া হাতী
বৰপেটা চহৰত বনৰীয়া হাতী ৷ দুটাকৈ হাতীয়ে মুক্তভাৱে বিচৰণ কৰিছে চহৰখনত ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ (Manas National Park) পৰা হাতী দুটা ওলাই অহাৰ সন্দেহ প্ৰকাশ বন বিভাগ (department of forest)ৰ ৷ দেওবাৰে নিশাৰ ভাগৰ পৰা বৰপেটা চহৰৰ বিভিন্ন স্থানত বিচৰণ কৰাৰ লগতে মৰানদীৰ পাৰৰ জংঘলত আশ্ৰয় লৈ আছে বন্যহস্তী দুটা ৷ বনৰীয়া হাতীৰ এই মুক্ত বিচৰণক লৈ বৰপেটা চহৰবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ আনহাতে, বঙাইগাঁও জিলাৰ চিপনচিলাতো দুটা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ বন্যহস্তীৰ গছকত ইতিমধ্যে মৃত্যুমুখত পৰিছে এজনী গাভিনী গাই ৷ গুৰুতৰভাৱে আহত হৈছে এগৰাকী বৃদ্ধাও ৷ জিলাখনৰ বিভিন্ন অঞ্চলত অৱস্থান কৰা হাতী দুটাৰ আক্ৰমণৰ আশংকাত এতিয়া কাকৈজানা অঞ্চলৰ ৰাইজ (elephant menace triggers panic) ৷ হাতীকদুটাক নিৰাপদে সেই স্থানৰ পৰা আঁতৰাই পঠাবলৈ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ জিলা প্ৰশাসন আৰু বন বিভাগৰ লোক ৷