ৰঙাপৰাত হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য দেখিলো আপোনাৰ চকু কপালত উঠিব - হাটখোলাৰ নিৱাসী
গণেশ চতুৰ্থীৰ দিনটো অতিক্ৰম কৰাৰ পিছদিনাই অৰ্থ্যাৎ শনিবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হৈছে হাতী-মানুহৰ সংঘাত । বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কেবাইজনো ব্যক্তিৰ প্ৰাণ ৰক্ষা পৰিল যদিও এজন ব্যক্তি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে । ৰঙাপৰাত দিনক দিনে হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । চাওক ৰঙাপৰাৰ বৰজুলিত সংঘটিত হোৱা এক শিহৰণকাৰী দৃশ্য । এজাক মানুহক কেনেদৰে এটা উন্মত্ত বনৰীয়া হাতীয়ে খেদি গৈছে । মানুহবোৰেও প্ৰাণ ৰক্ষাৰ বাবে কেনেদৰে নদীৰ পানী মাজেদিয়ে পলায়ন কৰিছে । উল্লেখযোগ্য যে, শনিবাৰে পুৱা বৰজুলি হাটখোলাৰ নিৱাসী সাগৰ শ্বাহৰ পুত্ৰ ৰেচৱ শ্বাহৰ (৪) মৃত্যু হোৱাত বৰজুলি নদীৰ পাৰত সৎকাৰ কৰাৰ উদ্দেশ্যেৰে স্থানীয় একাংশ ৰাইজ উপস্থিত হৈছিল । ঠিক তেনে সময়তে জাকৰ পৰা বিচ্ছিন্ন হোৱা এটা বনৰীয়া হাতীয়ে মানুহৰ জাকটোৰ ফালে লক্ষ্য কৰি খেদি আহে । যদিও কথপমি প্ৰাণৰক্ষা পৰে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ব্যক্তি সকলৰ । ইপিনে পুৱা প্ৰাতঃকৰ্ম কৰিবলৈ যোৱাৰ সময়তে হাফিজুল ৰহমান নামৰ ব্যক্তিজন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । একেদৰে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হোৱাৰ বিপৰীতে খা-খবৰ নাই ৰঙাপৰাৰ আমাৰাবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীৰ । যাৰফলত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷