পুত্ৰক বিচাৰি ৰাজপথত বৃদ্ধ পিতৃ-মাতৃ
হাতত এখন ফটো লৈ পথে পথে ঘূৰি ফুৰিছে এহাল বৃদ্ধা দম্পতি৷ দুচকুৰে টোপ টোপকৈ নিগৰিছে লোটক ৷ বাটত যাকেই লগ পাইছে ফটোখন দেখুৱাই সুধিছে, এওঁক বাৰু দেখিছে নেকি ? কিন্তু তেওঁলোকৰ উত্তৰে নিৰাশ কৰিছে বৃদ্ধা দম্পতিক ৷ মানুহগৰাকীৰ নাম কল্যাণী দেৱী, লগত তেওঁৰ স্বামী মোহন শৰ্মা ৷ পুত্ৰ প্ৰদীপ সন্ধানহীন হোৱাৰ পৰাই দিগ-বিদিগ হেৰুৱাই বিচাৰি ফুৰিছে পুত্ৰক । ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে । পিছে অদ্যাপি একো খবৰহে পোৱা নাই বৃদ্ধ দম্পতীয়ে । পয়ত্ৰিশ বছৰীয়া অসুখীয়া পুত্ৰক ৰাষ্টাই -ঘাটে এনেদৰে বিচাৰি ফুৰিছে পিতৃ-মাতৃয়ে । কোনো সদাশয় লোকে কিবা খবৰ পালে ৰঙিয়া থানাৰ লগত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুখত ভাগি পৰা পৰিয়ালটোৱে । ক’লৈ গ’ল পুত্ৰ প্ৰদীপ ! কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি ? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে ! এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে পৰিয়ালবৰ্গ ।