মহামৃত্যুঞ্জয় মন্দিৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ‘ড্ৰামাছ শিৱমণি’
নগাঁৱস্থিত বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশিষ্ট সংগীত পৰিচালক ড্ৰামাৰ শিৱমণি ৷ মন্দিৰৰ চৌহদত মহামৃত্যুঞ্জয় মন্ত্ৰোচ্চাৰণৰ সমান্তৰালভাৱে ড্ৰাম বজাই ভগৱান শিৱৰ উপাসনাত ব্যস্ত হৈ পৰা দেখা পোৱা গ'ল ড্ৰামছ শিৱমণিক ৷ উল্লেখ্য যে,মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰিছে তামিলনাডুৰ প্ৰায় দুশৰো অধিক বেদব্যাস পণ্ডিতে ৷