অসম

assam

ETV Bharat / videos

Anti drugs mission : ধুবুৰী আৰক্ষীৰ জালত ব্ৰাউন ছুগাৰসহ ড্ৰাগছ মাফিয়া - drugs peddler arrested by dhubri police

By

Published : Feb 1, 2022, 5:35 PM IST

ৰাজ্যত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ মাজতে আৰক্ষীৰ হাতত সংঘটিত হৈছে বহুকেইটা এনকাউণ্টাৰৰ ঘটনা । তাৰোপৰি আৰক্ষীৰ এই নিচাবিৰোধী অভিযানত ড্ৰাগছ সহ আটক হৈ আহিছে ইজনৰ পিছত আনজন ড্ৰাগছ মাফিয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী আৰক্ষীয়েও মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান (Anti drugs mission in Dhubri)। সোমবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষী আৰু চি আৰ পি এফৰ 48 নং বেটেলিয়নৰ কুইক এক্সন টিমে ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলৰ আমিৰ আলী নামৰ এজন লোকৰ ঘৰত চলালে অভিযান । এই অভিযানত অভিযানকাৰীদলটোৱে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ (Brown Sugar seized at Dhubri), ইয়াবা টেবলেটৰ লগতে বিভিন্ন নিচাজাতীয় টেবলেট(Psychotropic Drugs Seized at Dhubri) সহ কফ ছিৰাফ জব্দ হয় । লগতে আমজাদ আলী আৰু ছালাম হক নামৰ দুজন ড্ৰাগছ মাফিয়াক আটক কৰে আৰক্ষীয়ে (Drugs Peddler Arrested by Dhubri Police)। সম্প্ৰতি অধিক তথ্যৰ বাবে দুয়োকে সোধা পোচা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details