অসম

assam

By

Published : Nov 7, 2021, 3:30 PM IST

ETV Bharat / videos

গড়চুক আৰক্ষীৰ জালত হেৰ’ইনসহ এজন সৰবৰাহকাৰী

গুৱাহাটী মহানগৰীত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । গড়চুক আৰক্ষীয়ে শনিবাৰে বিয়লিৰ পৰা নিশা পৰ্যন্ত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীজন চাহিল খান বুলি জানিব পৰা হৈছে ৷ চাহিল খানৰ পৰা আৰক্ষীয়ে প্ৰায় ১২ গ্ৰাম হেৰ’ইন জব্দ কৰে । গুৱাহাটী ক্লাৱ আৰক্ষীয়ে গড়চুকৰ পৰা বৰাগাঁও হৈ জালুকবাৰীত পৰ্যন্ত খেদি খেদি কৰায়ত্ব কৰে ড্ৰাগছ পেডলাৰজনক । আৰক্ষীয়ে এটা চাবোনৰ বাকচৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে হেৰ’ইনখিনি ৷ জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৮ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে গড়চুক আৰক্ষীয়ে । AS 01 BQ 1701 নম্বৰৰ স্কুটীখন লৈ ড্ৰাগছ বিক্ৰীৰ উদ্দেশ্যে আহি গড়চুক আৰক্ষীৰ জালত পৰে চাহিল খান ৷ মহানগৰীৰ অলিয়ে গলিয়ে প্ৰায় ৩৫ -৪০ হাজাৰ টকাৰ বিনিময়ত পেডলাৰক ড্ৰাগছ বিক্ৰী কৰিবলৈ দিয়া হয় বুলি চাহিল খানে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details