অসম

assam

By

Published : Jan 12, 2022, 3:14 PM IST

ETV Bharat / videos

Anti Drug Mission: বৰপেটাৰ তাৰাবাৰীত ড্ৰাগছসহ আটক এজন

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰী গাঁৱৰ পৰা বিশেষ সূত্ৰৰ পম খেদি সন্দেহযুক্ত ব্ৰাউন চুগাৰভৰ্তি সাতটা প্লাষ্টিকৰ কন্টেইনাৰসহ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Drug peddler arrested in Barpeta) । ধৃত যুৱকজন গোমাফুলবাৰী গাঁৱৰ মহচেৰ আলীৰ পুত্ৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে । ড্ৰাগছ বিৰোধী এই অভিযানত সাতটা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে । ধৃত ছফিকুল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ।

ABOUT THE AUTHOR

...view details