বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সংগীতৰ স্নাতক প্ৰথমজন অসমীয়া সন্তান - ৰোষেশ্বৰ বৰুৱা
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা কলিকতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সংগীতৰ স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া সন্তান ৰোষেশ্বৰ বৰুৱা ৷ ১৯৬৭ চনতে চৰাইদেউ জিলাৰ অতিকে ভিতৰুৱা অঞ্চল নিজ খালৈঘুগুৰাৰ লখিমী গাঁৱৰ পৰা গৈ শান্তিনিকেতনৰ বিশ্ব ভাৰতীত নামভৰ্তি কৰা ৰোষেশ্বৰ বৰুৱাই শাস্ত্ৰীয় সংগীত আৰু নৃত্য-বাদ্যৰ শিক্ষা গ্ৰহণ কৰিছিল ৷ এই সময়চোৱাত বৰুৱাই শাস্ত্ৰীয় সংগীতৰ বহুকেইগৰাকী স্বনামধন্য ব্যক্তিক লগ পোৱাৰ লগতে এইসকল গুৰুৰ নেতৃত্বতে শান্তিনিকেতনৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ৷ সংগীতৰ শিক্ষা সাং কৰি ১৯৭২ চনত অসমলৈ ঘূৰি অহা ৰোষেশ্বৰ বৰুৱাই নিজৰ জন্মস্থান চৰাইদেউৰ লগতে উজনি অসমৰ বিভিন্ন স্থানত শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰিছিল ৷ ডিব্ৰুগড় জিলাৰ নামৰূপ, নাহৰকটীয়া আদি অঞ্চলত বহু কেইখন সংগীতৰ বিদ্যালয়, মহাবিদ্যালয় স্থাপন কৰি উজনি অসমত সংগীত শিক্ষাৰ এক পৰিবেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুখিনি সফল হৈছিল ৰোষেশ্বৰ বৰুৱা ৷ ইয়াৰোপৰি সংগীতৰ সম্পৰ্কত কেইবাখনো মূল্যৱান গ্ৰন্থও লিখি উলিয়াইছিল বৰুৱাই ৷ ২০০৫ চনত মৃত্যুবৰণ কৰা শাস্ত্ৰীয় সংগীতৰ এইগৰাকী সাধকৰ ওচৰত শিক্ষাগ্ৰহণ কৰা বহু শিক্ষাৰ্থী এতিয়া অসমৰ লগতে দেশ-বিদেশতো প্ৰতিষ্ঠিত ৷ অলপতে এইগৰাকী সংগীত সাধকৰ জীৱনভিত্তিক এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰিলে মৰাণৰ এজন সংগীত শিল্পীয়ে ৷ মৰাণৰ উষাপুৰৰ সংগীত কৰ্মী শুভ্ৰজ্যোতি মহনে নিৰ্মাণ কৰা "অক্লান্ত পথিক" নামৰ এই তথ্যচিত্ৰখনত শাস্ত্ৰীয় সংগীতৰ সাধক গৰাকীৰ জীৱনৰ সংগ্ৰাম তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ৷ অলপতে মৰাণৰ ৰং আৰু ৰিদম ষ্টুডিঅ'ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তথ্যচিত্ৰখনি উন্মোচণ কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী জুলিয়ানা বেগমে ৷ সংগীতৰ জগতখনলৈ এক বিশেষ অৱদান আগবঢ়াই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক অধিক চহকী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইগৰাকী শিল্পীয়ে৷শিল্পী গৰাকীৰ এই মহান কৰ্মৰাজিক জীয়াই ৰাখিবলৈ ভ্ৰজ্যোতি মহনে কৰা এই প্ৰচেষ্টাক সকলোৱে কৰিছে প্ৰশংসা ৷