হোজাইত ধুম ধামেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন - diya
আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ হোজাই জিলাটো ক’ভিড নীতি-নিয়ম পালন কৰি উদযাপন কৰা হৈছে দীপাৱলী ৷ দীপাৱলীৰ সমান্তৰালভাৱে হোজাইত প্ৰস্তুতি তুংগত উঠিছে কালী পূজাৰ ৷ উল্লেখ্য যে, হোজাই জিলাৰ লংকা চহৰৰ ব্যৱসায়ী তথা অঞ্চলবাসীয়ে এইবাৰ সম্পূৰ্ণ মাটিৰ চাকি ব্যৱহাৰ কৰি দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হৈছে ৷