প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ: মাজুলীৰ দুৰ্গম চাপৰিত উপস্থিত জিলা প্ৰশাসন - প্ৰশাসন
শনিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 99 নং মাজুলী বিধানসভা সমষ্টিত 1,30,468 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । 195 টাকৈ ভোটগ্ৰহণলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী । দুৰ্গম অঞ্চলৰ 16 টা ভোটকেন্দ্ৰলৈ শুকুৰবাৰে পুৱা 6 বজাত ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰসহ আৰক্ষী কৰ্মচাৰী । নিজ কৰ্তব্য সূচাৰুৰূপে পালন কৰাৰ বাবে পুৱাৰে পৰা যাতায়াত যোগাযোগ বিচ্ছিন্ন অঞ্চললৈ ৰাওনা হৈছে প্ৰশাসন ।