অসম

assam

By

Published : Jun 23, 2021, 7:55 AM IST

ETV Bharat / videos

ধুবুৰীত জৰাজীৰ্ণ আৰক্ষী চকী পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ

অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে অসম পশ্চিমবংগ আৰু অসম বাংলাদেশ সীমান্তত স্থাপন কৰা হয় কেইবাখনো আৰক্ষী নিৰীক্ষণ চকী । উল্লেখযোগ্য যে, আৰক্ষী চকী স্থাপন কৰা হ'ল ঠিকেই কিন্তু দিয়া নহ’ল পৰ্যাপ্ত আৰক্ষীৰ নিযুক্তি । উক্ত আৰক্ষী চকীসমূহ আৰম্ভণিৰ পৰাই এজন বা দুজন আৰক্ষীয়ে চলাই আহিছে যদিও কেতিয়াবা এজনো আৰক্ষী নাথাকে আৰক্ষী চকী সমূহত ৷ আনহাতে দীৰ্ঘ দিনৰ পৰা আৰক্ষী চকীসমূহ মেৰামতি নকৰাৰ ফলত জহি-খহি যোৱাৰ উপক্ৰম হৈছে ৷ তাৰ মাজতে নতুনকৈ আৰক্ষী অধীক্ষক হিচাপে ধুবুৰীত যোগদান কৰা গৌৰৱ অভিজিত দিলীপে মঙলবাৰে উক্ত আৰক্ষী চকী সমূহত উপস্থিতি হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে অতি শীঘ্ৰে আৰক্ষী চকী কেইখন পুনৰ কাৰ্যক্ষম কৰাৰ মৌখিকভাৱে আশ্বাস দিয়ে ।

ABOUT THE AUTHOR

...view details