অসম

assam

ETV Bharat / videos

Digital Class Room: বৰপেটাৰোডত ডিজিটেল শ্ৰেণীকোঠাৰ উদ্বোধন - Digital classroom inaugurated by Barpeta DC at Barpeta Road

By

Published : Jan 4, 2022, 10:00 PM IST

বৰপেটাৰোডৰ খৈৰাবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠা মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে (Digital Classroom at Barpetaroad) ৷ তাৰোপৰি নীতি আয়োগ আৰু সমগ্ৰ শিক্ষাৰ অনুদানেৰে বৰপেটাৰোডৰ সমীপৰ ৮২৭ নম্বৰ খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ চাৰিবেৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে বৰপেটাৰ উপায়ুক্তগৰাকীয়ে ৷ প্ৰায় ১১.৯৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক দিশ শলাগ ল’বলগীয়া বুলি উল্লেখ কৰি চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত বৰ্তমানলৈকে পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰাৰ কথাও দোহাৰে বৰপেটাৰ উপায়ুক্তগৰাকীয়ে ৷ বৰপেটা জিলাৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে শিক্ষাৰ মানদণ্ড অধিক উন্নত হ’ব বুলিও আশা প্ৰকাশ কৰে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷

ABOUT THE AUTHOR

...view details