অসম

assam

By

Published : Apr 7, 2020, 9:02 PM IST

ETV Bharat / videos

বিতৰ্কিত মন্তব্য : বিধায়কৰ ঠিকনা হ'ল ৰঙাঘৰ !

গ্ৰেপ্তাৰ হ'ল ধিঙৰ বিতৰ্কিত এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম ৷ কেইদিনমান পূৰ্বে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈছিল আমিনুল ইছলামৰ এটা অডিঅ' ক্লিপ ৷ যিটো অডিঅ' ক্লিপত আছিল কেতবোৰ সাম্প্ৰদায়িক আৰু চৰকাৰ তথা সংবিধান বিৰোধী মন্তব্য ৷ এই অডিঅ' ক্লিপটো সন্দৰ্ভত আৰক্ষীয়ে সোধ পোচ কৰিবলৈ মাতি পঠিয়াই বিধায়কজনক ৷ আৰক্ষীৰ জেৰাত নিজম মুখে অডিঅ' ক্লিপটোৰ কথা স্বীকাৰ কৰে বিধায়ক আমিনুলে ৷ দোষ স্বীকাৰৰ পাচতেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক আমিনুল ইছলামক ৷ আটকাধীন বিধায়ক আমিনুল ইছলামক নগাঁৱত জিলা ন্যায়িক আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত বিচাৰে নগাঁও আৰক্ষীয়ে ৷ কিন্তু আদালতে আৰক্ষীৰ আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আমিনুল ইছলামক ৷ বিধায়কগৰাকীৰ জামিন আবেদনো খাৰিজ কৰে জিলা আদালতে ৷

ABOUT THE AUTHOR

...view details