অসম

assam

ETV Bharat / videos

ধেমাজিত কেবিনেট বৈঠকৰ প্ৰাক মূহুৰ্তত বঞ্চিত শিক্ষকৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 29, 2021, 9:15 PM IST

কেবিনেট বৈঠক লৈ ধেমাজি জিলা প্ৰশাসনে সাজু হোৱাৰ সময়তে বঞ্চিত হোৱা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে চৰকাৰ বিৰোধী শ্ল’গানে উত্তাল কৰিলে ৰাজপথ ৷ উল্লেখযোগ্য যে, ২০১৭ চনৰ পদ প্ৰাদেশীকৰণৰ আইনৰ দোহাই দি যোৱা ৩০ বছৰে অবৈতনিকভাৱে শিক্ষকতা কৰি অহা এই সকল দুৰ্ভগীয়া শিক্ষকৰ পদ প্ৰাদেশীকৰণ নকৰি চূড়ান্তভাৱে বঞ্চিত কৰে অসম চৰকাৰে ৷ সেয়ে অসমৰ প্ৰায় ২৬০০ শিক্ষকক চৰকাৰে অন্যায় কৰাত ক্ষুব্ধ শিক্ষকসকলে এনেদৰে ধেমাজিৰ কেবিনেট বৈঠকলৈ মাথো কেইটামান ঘণ্টা বাকী থকাৰ অৱস্থাত বুধবাৰে ধেমাজিৰ সদৰত প্ৰতিবাদত নামি পৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতি সদস্য সকলে ৷ সন্থাই ৩০ চেপ্তেম্বৰৰ ধেমাজিৰ কেবিনেটত আইন সংশোধন কৰি বঞ্চিত শিক্ষকসকলৰ পদ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ ইপিনে কেবিনেটক লৈ ব্যস্ত থকা আৰক্ষী প্ৰশাসনে ধেমাজি সদৰ আৰক্ষী থানাৰ সন্মুখতে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী সকলক ৷

ABOUT THE AUTHOR

...view details