অসম

assam

By

Published : Sep 10, 2021, 5:37 PM IST

ETV Bharat / videos

ধেমাজিৰ খেতি পথাৰত চৰহা পোকৰ উপদ্ৰৱ

ধেমাজি কৃষিখণ্ডৰ অন্তৰ্গত বহু কেইখন গাঁৱত চৰহা পোকে চলাইছে তাণ্ডৱ ৷ ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষীপথাৰ পঞ্চায়তৰ হাতীপৰা গাঁৱৰ পথাৰৰ কেইবা বিঘা মাটিত তাণ্ডৱ চলাইছে চৰহা পোকে ৷ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত ৷ তৎসত্ত্বেও ধেমাজি কৃষি বিভাগে চৰহা পোক নিয়ন্ত্ৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ এটা বগা হাতীলৈ ৰূপান্তৰ হোৱা কৃষি বিভাগৰ কাৰ্যক লৈ চৰম হতাশ আৰু উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগী কৃষক ৷

ABOUT THE AUTHOR

...view details