নৱবৰ্ষ উপলক্ষে সত্র-নামঘৰত ভক্তৰ ভীৰ - devotees throng places of worship on new year day at Majuli
ইংৰাজী নৱবৰ্ষৰ প্রথমটো দিনত মাজুলীৰ বিভিন্ন নামঘৰ, সত্র, মন্দিৰত দেখা গ'ল ভক্তৰ ভীৰ (devotees throng places of worship on new year day at Majuli) । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, আউনীআটী সত্র, বেঙেনাআটী সত্র, ভোগপুৰ সত্র, গড়মুৰ সত্রৰ লগতে আন আন সত্র-নামঘৰ, মন্দিৰতো পৰিলক্ষিত হ’ল একেই দৃশ্য ৷ বছৰৰ প্রথম দিনটোত নেদেখাজনৰ আশীষ ল’বলৈ বিভিন্ন ঠাইৰ ভক্তৰ আগমন হয় জিলাখনলৈ । সকলোৰে মুখে মুখে এটাই কথা- সমাজৰ পৰা নাইকিয়া হওঁক হত্যা, হিংসা, ধৰ্ষণ, অপহৰণৰ দৰে অপৰাধমূলক কাৰ্যসমূহ ৷