টেট পৰীক্ষাত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ AIUDF-ৰ
সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলক বঞ্চিত কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে টেট পৰীক্ষা অনুষ্ঠিত কৰিব লৈছে । এই গুৰুতৰ অভিযোগ AIUDF-ৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ । বুধবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত দলৰ মুখ্য কাৰ্যালয় আয়োজন কৰা এখন সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয়, শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা টেট পৰীক্ষাৰ জাননীত ৰাজ্যৰ ৩৩ খন জিলাত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে । কিন্তু লক্ষ্যণীয়ভাৱে ৩৩ খন ভিতৰত টেট পৰীক্ষাৰ বাবে ২৭ খন জিলাত চেণ্টাৰ দিয়া হৈছে । ছয়খন জিলাত পৰীক্ষা কেন্দ্ৰ দিয়া হোৱা নাই । এইকেইখন জিলা হৈছে ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা মানকাছাৰ, বৰপেটা, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই জিলাকেইখন সংখ্যালঘু অধ্যুষিত । সংখ্যালঘু অধ্যুষিত এই জিলাকেইখনৰ প্ৰাৰ্থীসকল যাতে টেট পৰীক্ষাৰ পৰা বঞ্চিত হয় তাৰ বাবে চৰকাৰে এই জিলা কেইখনত পৰীক্ষা কেন্দ্ৰ দিয়া নাই । এয়া সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক প্ৰতাৰণা কৰাৰ কৌশল । শিক্ষা বিভাগতে যদি এনেদৰে প্ৰতৰণা কৰা হয় তেনেহলে কি হ'ব । চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছে । চৰকাৰে শিক্ষাৰ কথা কয়, জনসংখ্যা নিয়ন্ত্ৰণৰ কথা কয় । কিন্তু শিক্ষাৰ প্ৰসাৰৰ বিপৰীতে এনেদৰে এটা সম্প্ৰদায়ক প্ৰতাৰণা-প্ৰৱঞ্চনা কৰা হৈছে । এইখন চৰকাৰৰ দিনত সংখ্যালঘু অঞ্চলসমূহক সকলো ক্ষেত্ৰত বঞ্চিত কৰা হৈছে ।
Last Updated : Sep 15, 2021, 8:34 PM IST