জোঙাখুলি সংৰক্ষিত বনাঞ্চলত বন ধ্বংসযজ্ঞ অব্যাহত - শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যলয়ৰ সমীপতে থকা জোঙাখুলি সংৰক্ষিত বনাঞ্চলত দুষ্টচক্ৰই আৰ্থিক মুনাফাৰ বাবে অপৈণত শালগছ কাটি বনাঞ্চল ধ্বংস কাৰ্যত নামি পৰিছে । বিষয় সন্দৰ্ভত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল নিদ্ৰামগ্ন অৱস্থাত আছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । দীৰ্ঘদিনৰ পৰা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন স্থানত বন মাফিয়াই চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । দৈনিক নিশা বকোৰ মাজমজিয়াৰে পাৰ হয় চোৰাং কাঠৰ কুণ্ডা ভৰ্তি বাহনসমূহ ৷ তৎসত্বেও এই কাৰ্য ৰোধ কৰিবলৈ সময়ৰ অভাৱ পৰিলক্ষিত হৈছে বন বিভাগৰ লগতে স্থানীয় আৰক্ষী-প্ৰশাসনৰ মাজত ৷