অসম

assam

ETV Bharat / videos

উপ-নিবাৰ্চনত তিনিটা সমষ্টিত জয় লাভ কৰিব কংগ্ৰেছে : দেৱব্ৰত শইকীয়া

By

Published : Oct 22, 2021, 1:00 PM IST

ৰাজ্যত বলিছে এতিয়া উপ-নিবাৰ্চনৰ গৰম বতাহ ৷ ৩০ অক্টোবৰত হ'ব লগা উপ-নিৰ্বাচনক লৈ শাসক দলৰ সমান্তৰালভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলেও প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বিশেষকৈ উজনিৰ থাওৰা সমষ্টিত শাসক দলৰ লগতে বিৰোধীৰ নেতা মন্ত্ৰীৰে ভৰি পৰিছে । থাওৰাত বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে, ‘উপ নিবাৰ্চন বিজেপিৰ ভুল নীতিৰ বাবে অনুষ্ঠিত হ'ব লগা হৈছে । উপ-নিবাৰ্চন হ’ব লগা পাঁচটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিতে জয় লাভ কৰিব কংগ্ৰেছে’ । ‘বিজেপি এতিয়া শংকিত । তেওঁলোকে ভুৱা প্ৰচাৰ চলাই দলটোক আগুৱাই নিয়াৰ চেষ্টা কৰে । শেহতীয়াকৈ হিন্দু বঙালীৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছিল বিজেপিয়ে ৷ ইতিমধ্যে সেই কথা প্ৰমাণ হৈছে ৷ আনকি বিজেপিত এতিয়া পুৰণি সকলৰ কোনো গুৰুত্ব নাই । কেৱল কংগ্ৰেছত থাকি চিণ্ডিকেট চলাই থকা সকলক বিজেপিলৈ নিছে হিমন্ত বিশ্ব শৰ্মাই’ - এই বুলি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ ইফালে অখিল গগৈৰ প্ৰসংগতো বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে, ‘অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ খুলি দিছিল, কিন্তু কংগ্ৰেছৰ চৰ্ত মানিব নোৱাৰা বাবে মিত্ৰতা নহ'ল’ ৷

ABOUT THE AUTHOR

...view details