Cycle rally to Guwahati: অনুসূচীত জাতিৰ লোকসকলক চাফাই কৰ্মীৰ পদত সংস্থাপনৰ দাবী - cycle rally from Lakhimpur to Guwahati
অনুসূচীত জাতি চাফাই কৰ্মীৰ সংস্থাপন দাবীৰে (demand to employ SC as sanitation workers) অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে গুৱাহাটী মহানগৰীলৈ চাইকেল যাত্ৰা (Bycycle Rally) দুই যুৱকৰ ৷ লখিমপুৰৰ দুই হৰিজন সমাজৰ যুৱকে 19 নৱেম্বৰৰ পুৱাৰ ভাগৰ পৰা ৰাজধানী চহৰলৈ আৰম্ভ কৰিছে এক চাইকেল যাত্ৰা ৷ দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় যুৱকদ্বয় । দিলীপ বাছফোৰ আৰু ৰকি বাছফোৰ নামৰ যুৱক দুজনে অনুসূচীত জাতিৰ অন্তৰ্গত বাছফোৰ, লালবেগী, ভাংগী আদি উপজাতিৰ বিভিন্ন সমস্যা সমাধানৰ হকে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব৷ উপজাতি কেইটাৰ দীর্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ হকে যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি সজাগতা সৃষ্টিৰ লগতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চাওক এই প্ৰতিবেদন...