অসম

assam

By

Published : Sep 30, 2019, 4:50 PM IST

ETV Bharat / videos

প্লাষ্টিক মুক্ত দেশঃ কাগজৰ প্ৰতিমা, মাটিৰ গিলাচ আৰু বাঁহৰ ফুলদানী

নিউজ ডেক্স, 30 ছেপ্টেম্বৰঃ আজি আমি আপোনালোকক দেখুৱাম প্ৰদূষণ মুক্ত দেশ গঢ়াৰ লগতে থলুৱা উদ্যোগৰ বিকাশ সাধনৰ বাবে লোৱা তিনিটা বিশেষ পদক্ষেপ ৷ ৰাজ্যত মৃতপ্ৰায় মৃৎ শিল্পক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসেৰে চাপৰ নগৰৰ খৰিদাগোঁসাই গাঁৱৰ “ব্ৰহ্মপুত্ৰ ভেলী অৰগেনাইজেচন” নামৰ এটা বেচৰকাৰী সংস্থাই এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ সংস্থাটোৱে গাঁওখনত বসবাস কৰা প্ৰায় ছশ পৰিয়ালক প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল কৰাৰ সংকল্পৰে আৰম্ভ কৰিছে এক প্ৰশিক্ষণ শিবিৰ ৷ একেদৰে, চীনা ফুলদানীক প্ৰত্যাহ্বান জনাই আগন্তুক দূৰ্গা পূজাত বিক্ৰীৰ বাবে বাঁহেৰে নিৰ্মিত ফুলদানী তৈয়াৰ কৰি উলিয়াইছে নাজিৰাৰ দুজন যুৱকে ৷ ইয়াৰোপৰি, পেলনীয়া বিয়েৰৰ বটলকো নতুন ৰূপ প্ৰদান কৰিছে এই যুৱক দুজনে ৷ সৃষ্টিশীল মন থাকিলে যে সকলোতে কলাত্মক ভাৱ ফুটাই তুলিব পাৰি সেই কথা প্ৰমাণিত কৰিলে নাজিৰাৰ যুৱক দুজনে ৷ সুৰাৰ বিপনীত ধুনীয়া ধুনীয়াকৈ সজাই থোৱা বীয়েৰৰ বটলটো সকলোৱে পান কৰাৰ পাছতে দলিয়াই দিয়ে যদিও এতিয়াৰ পৰা আপোনাৰ চৰাঘৰত নিগাজী স্থান দখল কৰিব পাৰে এই বটলে ৷ কেউফালে ব্যয়বহুল দুৰ্গাপূজাৰ মাজতে আমি দেখুৱাবলৈ ওলাইছো এখন ব্যতিক্ৰমী পূজা ৷ পেলনীয়া কাগজেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই দেৱীৰ প্ৰতিমা ৷ উত্তৰ পশ্চিম যোৰহাটৰ কাঠনীবাৰীৰ অঞ্জন তামুলীয়ে কাগজেৰে চমক সৃষ্টিৰ প্ৰয়াস কৰিছে ৷ উকা কাগজ আৰু উপহাৰ বন্ধা ৰঙীন কাগজেৰে দেৱী দুৰ্গাৰ লগতে লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশৰ মূৰ্তি তৈয়াৰ কৰি উলিয়াইছে অঞ্জন তামুলীয়ে ৷

ABOUT THE AUTHOR

...view details